10 তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।
সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
মিচৰৰ ৰজা ফৰৌণে উঠি গৈ গেজৰ হাত কৰি লৈ জুইৰে পুৰি ভষ্ম কৰিছিল আৰু সেই নগৰ নিবাসী কনানীয়াবোৰক বধ কৰি তাক নিজৰ জীয়েক চলোমনৰ ভাৰ্য্যাৰ যৌতুকত দিছিল।
তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;
আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।
ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।