Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 27:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।

অধ্যায়টো চাওক কপি কৰক




গননা 27:19
12 পৰস্পৰ সংযোগসমূহ  

তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোকসকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।”


ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।।


আৰ্খিপ্পক এই কথা ক’ব, “আপুনি প্ৰভুত যি পৰিচৰ্যা পদ পালে, সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ’ব।”


তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”


ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।


আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন