Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 26:62 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

62 তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।

অধ্যায়টো চাওক কপি কৰক




গননা 26:62
14 পৰস্পৰ সংযোগসমূহ  

সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।


মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।


‘তুমি লেবী ফৈদক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’


কিয়নো মোচিয়ে যৰ্দ্দনৰ সিপাৰেও দুই জন-গোষ্ঠীক আৰু আধা জন-গোষ্ঠীক অধিকাৰ কৰিবলৈ দিছিল, কিন্তু লেবীয়াসকলক তেওঁ একো ভাগ দিয়া নাছিল৷


কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।


কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।


তেওঁলোকৰ মাজৰ সেই গণিত লোক আঠ হাজাৰ পাঁচশ আশী জন হ’ল।


গেৰ্চোনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা।


কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল।


এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন