17 বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে?
চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে, “হে বালাক, উঠি শুনা, হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”
তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”