11 তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।
‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।