Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গননা 22:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।

অধ্যায়টো চাওক কপি কৰক




গননা 22:18
14 পৰস্পৰ সংযোগসমূহ  

কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম,


তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”


তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।”


অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,


তেতিয়া দানিয়েলে ৰজাৰ সন্মুখত উত্তৰ দি ক’লে, “আপোনাৰ উপহাৰবোৰ নিজৰ বাবে ৰাখক, আৰু আপোনাৰ পুৰস্কাৰ আন লোকক দিয়ক। তথাপি মই মহাৰাজৰ আগত এই লিখা কথাখিনি পঢ়িম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।


এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”


তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”


তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।


তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”


তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,


‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’


কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।


ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।


কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন