6 তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
দক্ষিণ অঞ্চলৰ পশুবোৰ বিষয়ে কৰা ঘোষণা: মাইকী সিংহ আৰু সিংহ, কালসৰ্প আৰু জুইৰ দৰে উৰি ফুৰা সৰ্পৰ দ্বাৰা দেশত সঙ্কট আৰু ক্লেশ হৈছে, তেওঁলোকক সহায় নকৰা জনলৈ তেওঁলোকে গাধবোৰৰ পিঠিত ধন-সম্পত্তি, আৰু উটবোৰৰ কুঁজত বহুমুল্য বস্তু তুলি লৈ গৈছে।
কিয়নো চোৱা, মই তোমালোকৰ মাজলৈ মন্ত্ৰ নমনা সৰ্প, কালসৰ্পবোৰ পঠিয়াম; যিহোৱাই কৈছে, সেইবোৰে তোমালোকক দংশিব।
বা যদি সেই দেশৰ সকলো ফালে হিংস্র জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়,
তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ।
তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।