20 কিন্তু তেওঁ উত্তৰ দি ক’লে, “তুমি ইয়াৰ মাজেৰে যাবলৈ নোৱৰিবা।” পাছত ইদোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁৰ বিৰুদ্ধে ওলাল।
পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।”
মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।
যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল।
তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।”
এইদৰে ইদোমৰ ৰজাই ইস্ৰায়েলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ’ল। সেইবাবেই ইস্ৰায়েল তেওঁৰ পৰা ঘুৰি আন বাটেদি গ’ল।
তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।