Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গননা 19:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ তাইক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব।

অধ্যায়টো চাওক কপি কৰক




গননা 19:3
11 পৰস্পৰ সংযোগসমূহ  

আৰু পাপাৰ্থক বলিৰ অর্থে যি দমৰা গৰু আৰু পাপাৰ্থক বলিৰ অৰ্থে যি ছাগলী, যিবোৰৰ তেজ প্ৰায়শ্চিত্ত কৰিবৰ বাবে পবিত্ৰ স্থানৰ ভিতৰলৈ অনা হ’ব আৰু সেইবোৰৰ ছাল, মঙহ আৰু গোবৰ জুইত পুৰি ভস্ম কৰা হ’ব।


“তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক।


পাছত সেই ষাঁড়-গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী-ভুৰু আৰু গোবৰৰ সৈতে,


ষাঁড়-গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।


তেওঁ সেই ষাঁড়-গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।


তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।


পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।


কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ অগ্রহণীয় সাধাৰণ জুই নিওতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম কৰিলে।


“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন