Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 18:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।

অধ্যায়টো চাওক কপি কৰক




গননা 18:30
12 পৰস্পৰ সংযোগসমূহ  

কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।


তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।


আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।


তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।


পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।


মোলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ পবিত্রকৰণৰ যি মেৰ-ছাগটোৰ বুকু ওপৰলৈ তুলি ধৰিবা আৰু উপহাৰ দিয়া কৰঙণ, সেই দুয়োটাকে তুমি পবিত্ৰ কৰিবা।


যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।


তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন