2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।
যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে, সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।
তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক,
এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”
যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”
আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”
বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!
কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।
আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব।
পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে।