Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 17:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।

অধ্যায়টো চাওক কপি কৰক




গননা 17:11
6 পৰস্পৰ সংযোগসমূহ  

পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।


পাছে ইস্ৰায়েলৰ সন্তান সকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।


তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।


এইদৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণেই তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত্ত কৰিব; আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো সেইদৰে কৰিব।


কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোকসকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে।


ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন