Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 16:48 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

48 আৰু মৰা ও জীয়া লোকসকলৰ মাজত তেওঁ থিয় হোৱাত, মহামাৰী নিবাৰণ হ’ল।

অধ্যায়টো চাওক কপি কৰক




গননা 16:48
14 পৰস্পৰ সংযোগসমূহ  

আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।


এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।


ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।


পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”


তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত্ত হ’ল।


তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।


পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল।


গতিকে হাৰোণে মোচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ, সমাজৰ মাজলৈ লৰি গ’ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে, তেতিয়া তেওঁ ধূপ দি লোকসকলক প্ৰায়শ্চিত্ত কৰিলে।


যিসকল লোক কোৰহৰ দোষত মৰিছিল, সেইসকলৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন