6 যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।
যিফুন্নিৰ পুত্ৰ যি কালেব, তেওঁৰ পুত্র ঈৰ, এলা, আৰু নয়ম। এলাৰ পুত্র কনজ আছিল।
পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।
কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।
মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।
দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।
দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।
কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।
সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।