16 পাছত লোকসকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুভূমি ছাউনি পাতিলে।
পাৰণ নামৰ এক মৰুপ্রান্তৰত তেওঁ বসতি কৰিবলৈ ধৰিলে; পাছত মিচৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভার্য্যা কৰি মাকে বিয়া পাতি দিলে।
ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা। তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিৱী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
পাছত লোকসকলে কিব্ৰোৎ-হত্তাবাৰ পৰা হচেৰোতলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল।
তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে।
তেতিয়া যিহোৱাই মোচিক ক’লে,
পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।
তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তান সকলৰ মূল মানুহ আছিল।
আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল।