24 তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোকসকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে।
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰলৈ লৈ আহা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক।
কিন্তু দুজন মানুহ ছাউনিত থাকিল, এজনৰ নাম ইল্দদ, আন জনৰ নাম মেদদ। এই দুজনতো আত্মা থাকিল। তেওঁলোকৰ নাম বহীত নাম লিখা লোকসকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। যিয়েই নহওঁক লাগে, কিন্তু তেওঁলোকে ছাউনিত ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।