44 মোচি আৰু হাৰোণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ গোষ্ঠী সমূহক নেতৃত্ব দিয়া, সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে।
কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।
নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা তেপন্ন হাজাৰ চাৰিশ আছিল।
এইদৰে যি সকলে যুদ্ধলৈ যাব পাৰে, এনে বিশ বছৰ বা তাতকৈ বয়সীয়া ইস্ৰায়েলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ’ল।
পাছত যোৱাবে গণনা কৰা লোকসকলৰ সংখ্যা ৰজাৰ ওচৰত আনি দিলে; তাৰ মুঠ, ইস্ৰায়েলৰ তৰোৱাল ধৰোঁতা আঠ লাখ বলৱান লোক, আৰু যিহূদাৰ পাঁচ লাখ লোক।