Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




কলচীয়া 3:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত।

অধ্যায়টো চাওক কপি কৰক




কলচীয়া 3:18
12 পৰস্পৰ সংযোগসমূহ  

হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক;


কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।


তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।”


শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ।


মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”


তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়।


তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।


আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;


কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন