Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




কলচীয়া 2:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।

অধ্যায়টো চাওক কপি কৰক




কলচীয়া 2:18
42 পৰস্পৰ সংযোগসমূহ  

কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।


তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷


এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।


পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,


কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷


তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।


কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।


মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা।


যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ।


খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।


অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।


এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে জ্ঞান আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।


তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।


প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব!


কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”


তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।”


তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”


এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।


তাতে জগত স্থাপনৰ পুৰ্ব্বৰে পৰা হত হোৱা সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব।


সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।


সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।


কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।


কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;


প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,


আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷


মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।


কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?


কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।


তুমি তেলেৰে সৈতে মলেক নামৰ দেৱতাৰ ওচৰলৈ গ’লা; আৰু তুমি সুগন্ধি দ্ৰব্য অধিক কৰিলা, তুমি তোমাৰ ৰাজদূতক বহু দূৰলৈ পঠালা, আৰু চিয়োললৈকে নিজকে অৱনত কৰিলা;


“যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?


কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।


প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।


এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন