Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




কলচীয়া 1:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল৷

অধ্যায়টো চাওক কপি কৰক




কলচীয়া 1:21
14 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।


কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।


হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।


তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷


হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।


তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।


খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়।


মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন