Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




উপ 7:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে, তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ, লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।

অধ্যায়টো চাওক কপি কৰক




উপ 7:25
17 পৰস্পৰ সংযোগসমূহ  

এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।


তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!


নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল।


কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।


অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।


পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।


তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”


এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, তাৰ বাবে মোৰ মন নিৰাশ হবলৈ ধৰিলে।


উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।


উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন