10 কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে। কিন্তু হায় সেই অকলে থকা লোক! কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।
তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।
আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।
তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
তাৰ উপৰি দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব?
এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।
এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।