18 সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ।
সূৰ্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁৰ কি লাভ?
তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে; কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়, যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।
যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?।
কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু সূৰ্যৰ তলত যি দুষ্ট কাৰ্য কৰা হয়, তাক দেখা নাই।
তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য।
সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।