12 পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।
তাৰ পাছত মই প্রজ্ঞা, উন্মত্ততা আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
যি যি আছে, সেয়ে পূর্বেও আছিল; যি যি হব, সেয়াও পূর্বে আছিল; যি হৈ গ’ল, ঈশ্বৰে পুনৰ তাকেই বিচাৰে।
সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে, তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ, লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।