ইষ্ট 7:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20199 পাছত ৰজাৰ পৰিচৰ্যা কৰা হৰ্বোনা নামেৰে এজন নপুংসকে ক’লে, “যি মৰ্দখয়ে ৰজাৰ পক্ষে হিতজনক সম্বাদ দিছিল, তেওঁৰ বাবে হামনে যুগুত কৰা পঞ্চাশ হাত দীঘল ফাঁচি কাঠডাল হামনৰ ঘৰত পোতা আছে।” ৰজাই ক’লে, “সেই কাঠৰ ওপৰতে ইয়াক ফাঁচি দিয়া হওক।” অধ্যায়টো চাওক |
হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব।