ইষ্ট 7:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20194 কাৰণ মোক আৰু মোৰ স্বজাতীয় লোকসকলক ধ্বংস, বধ, আৰু বিনষ্ট কৰিবৰ বাবে বিক্রী কৰা হৈছে। আমি যদি কেৱল দাস-দাসী হ’বলৈ বেচা গলোহেঁতেন, তেনেহ’লে মই নিজমে থাকিলো হয়; আৰু ৰজাৰ শান্তি ভংগ কৰাৰ একো প্রয়োজন নহলে হয়।” অধ্যায়টো চাওক |
এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল।