ইষ্ট 5:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20191 তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল। অধ্যায়টো চাওক |
ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”