Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইষ্ট 4:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 ইহুদী সকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ চুচনত বিলোৱা হৈছিল, তাৰ এখন নকলো তেওঁক দিলে; যাতে সেই পত্রৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে, সেই বাবে তেওঁক ওপৰত দ্বায়ীত্ব দিবলৈ ক’লে।

অধ্যায়টো চাওক কপি কৰক




ইষ্ট 4:8
14 পৰস্পৰ সংযোগসমূহ  

অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।


মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।


মৰ্দখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মৰ্দখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যি দৰে তেওঁৰ পৰামৰ্শ মানি চলিছিল সেই দৰে এতিয়াও চলি আছে।


যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷


সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,


তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷


ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।


কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”


সেয়ে হথাকে গৈ মৰ্দখয়ে তেওঁক যিবোৰ কথা ক’লে, সেই সকলো কথা ইষ্টেৰক জনালে।


তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন