Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইষ্ট 4:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”

অধ্যায়টো চাওক কপি কৰক




ইষ্ট 4:11
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”


তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ড ডাল মেলি দিলে, আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ’ল।


তেওঁ সন্ধিয়া-বেলা ভিতৰলৈ যাব লাগে, আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভটি আহিব লাগে। উপপত্নী সকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক চাচগজৰ তত্ত্ৱাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়।


ৰজাই সুধিলে, “চোতালত কোন আছে? সেই সময়ত ৰজাৰ আগত নিবেদন কৰি নিজে যুগুত কৰা ফাঁচি কাঠত মৰ্দখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰ চোতালত হামন সোমাইছিল।


যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক।


সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।


তেতিয়া ইষ্টেৰে হথাকৰ লগত কথা পাতিলে। তেওঁক মৰ্দখয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ,


সেয়ে ইষ্টেৰৰ এই কথা হাথকে মৰ্দখয়ক জনালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন