ইষ্ট 3:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201913 একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল। অধ্যায়টো চাওক |
পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।