Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইষ্ট 2:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাস সকলৰ বাবে “ইষ্টেৰৰ ভোজ” বুলি এটা ডাঙৰ ভোজ দিলে; আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে।

অধ্যায়টো চাওক কপি কৰক




ইষ্ট 2:18
14 পৰস্পৰ সংযোগসমূহ  

পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”


আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল।


“কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে;


“স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,


মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। প্রিয়াৰ কথা:


হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।


এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।


তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল।


সেয়ে লেবীয়াসকলে লোকসকলক শান্ত কৰি ক’লে, “মনে মনে থাকক, কাৰণ আজি পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব।”


আপোনাৰ যুৱকসলক সোধক, তেওঁলোকে আপোনাক ক’ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰোঁ, আপোনাৰ দাসবোৰক, আৰু আপোনাৰ পুত্ৰ দায়ূদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক’।”


তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে।


কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন