Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইষ্ট 10:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 তাৰ পাছত ৰজা অহচবেৰোচে দেশত, আৰু সমুদ্ৰৰ পাৰত থকা দেশবোৰত কৰ ধাৰ্য্য কৰিলে।

অধ্যায়টো চাওক কপি কৰক




ইষ্ট 10:1
8 পৰস্পৰ সংযোগসমূহ  

এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।


তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।


সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।


ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।


পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।


তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।


ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);


যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন