14 তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।
মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”
মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
ৰজা নবূখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰত এটা সপোন দেখিলে; সেয়ে তেওঁ চিন্তিত হ’ল, আৰু তেওঁ টোপনি যাব নোৱাৰিলে।
সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ।
পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’।