19 তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।
তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।”
তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, “তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।”
তাৰ পাছত এটা শিল আনি গাতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয়, সেই বাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে, আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত ছাব মাৰিলে।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
কিয়নো, হে ভাই সকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।