Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইয়ো 42:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 42:11
18 পৰস্পৰ সংযোগসমূহ  

পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে।


যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।


উটবোৰে পানী খাই শেষ কৰাৰ পাছত, সেই দাসজনে আধা চেকল সোণৰ এটা নথ আৰু হাতৰ কাৰণে দহ চেকল সোণৰ এযোৰ খাৰু লৈ তাইক ক’লে,


এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;


বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।


তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে।


যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।


অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।


তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।


কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।


ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।


তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।


পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।


ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।


দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন