11 আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।
কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।
ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?
মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।
তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
“মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
চোৱা! সমুদায় পৃথিবীৰ প্ৰভুৰ নিয়ম-চন্দুক তোমোলোকৰ সন্মুখেৰে যৰ্দ্দন পাৰ হৈ যাব।