15 তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।
মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল।
কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা; পাছত আকৌ মোক ধুলিলৈ নিবা নে?
কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
যদি তোমাৰ বিবেচনা থাকে, তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা।
সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
মই ক্ৰোধ কৰা নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি, যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গলে! মই সেইবোৰক একেলগে দগ্ধ কৰিম।
কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীৱন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব।