13 সাৱধান, তোমালোকে নকবা যে, “তেওঁত আমি জ্ঞান পালোঁ; তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;”
আপোনাৰ একো বস্তুৱেই, এনে কি এগছি সূতা কি জোতাৰ ফিটাও নলওঁ; যাতে আপুনি কেতিয়াও ক’ব নোৱাৰে ‘মইহে অব্ৰামক ধনৱান কৰিলোঁ’ বুলি।
“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
“হয় হয়, তোমালোকহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।
হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত।
মই তোমালোকলৈ মন দি আছিলোঁ, কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল।
কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই; আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম।
ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
এই হেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ; সেইবোৰ ঘটাৰ পূর্বেই মই তোমাক জনালোঁঁ, যাতে তুমি নোকোৱা “সেইবোৰ মোৰ মূৰ্ত্তিয়ে কৰিলে,” বা “মোৰ কটা প্ৰতিমাই মোৰ সাঁচত ঢলা মূৰ্ত্তিয়ে সেইবোৰ আজ্ঞা কৰিলে।”
সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল, এই বুলি তুমি নকবৰ নিমিত্তে, আজিৰ পূৰ্বতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক’ব নোৱাৰা যে, “হ’য় মই এই বিষয়ে জানো।”
যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই!
দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ’বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।
যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।”
কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক।
যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।