15 নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা, আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;
কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।
শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।
মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ। মই হতাশ হৈ পৰিছো।
তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।
তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।