24 কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ; আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই; আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে।
যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।
তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।