Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 3:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 3:21
13 পৰস্পৰ সংযোগসমূহ  

কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”


কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।


কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?


অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।


অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।


তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।


ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;


সেয়ে মই ভাবিলোঁ, যিসকল বৰ্ত্তমান জীয়াই আছে, সেই জীৱিতসকলতকৈ যিসকলৰ আগেয়ে মৃত্যু হ’ল, তেওঁলোক অধিক সৌভাগ্যশালী।


বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।


এতিয়া হে যিহোৱা, মিনতি কৰোঁ, আপুনি মোৰ প্ৰাণ লওক; কিয়নো মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”


পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূবৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হ’ল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি ক’লে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”


তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা।”


সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন