Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইয়ো 3:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 3:19
13 পৰস্পৰ সংযোগসমূহ  

কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।


আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,


মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।


সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।


নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।


উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।


তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।


দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?


আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।


সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন