15 অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
ৰজাৰ লগত ৰূপ যিৰূচালেমৰ মাটিত পোৱা শিলবোৰতকৈয়ো অধিক আছিল৷ তেওঁ এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছবোৰতকৈয়ো অধিক কৰিছিল।
তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।
তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।
বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন।
যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে।
তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।