10 কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।
যিহোৱাই লেয়াক অৱহেলা কৰা দেখি, তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে; কিন্তু ৰাহেল নিঃসন্তান হ’ল।
মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।
এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।
কাৰণ সি গৰ্ভতে মোক মাৰি নেপেলালে; তাকে কৰা হ’লে, মোৰ মাতৃয়েই মোৰ মৈদাম হ’লহেতেন, আৰু তেওঁৰ গৰ্ভ সদায় ভাৰী হৈ থাকিলহেতেন।
যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।