Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইয়ো 28:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,

অধ্যায়টো চাওক কপি কৰক




ইয়ো 28:26
20 পৰস্পৰ সংযোগসমূহ  

প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,


সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই, আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে।


তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।


“শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ; এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভুমিয়ে বৰষুণ পালে আৰু আন এডোখৰে বৰষুণ নোপোৱাত শুকাই গ’ল।


জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।


হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!


সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, কোনে কোমল ঘাঁহ গজাই তোলে?


এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।


তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।


চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।


তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;


কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’, সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়, ‘তীব্ৰৰূপ ধৰি বৰষুণ বৰ্ষা’।


বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,


তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।


যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।


কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;


বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?


শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি, সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।


তাৰ পাছত গাজনি মাৰে, তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে; যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন