16 ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।
শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।
সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।
তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু জ্যাসপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
মই মানুহক শুদ্ধ সোণতকৈ, আৰু মনুষ্যক ওফীৰৰ শুদ্ধ সোণতকৈয়ো দুৰ্ল্লভ কৰিম।
হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল। তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।
ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!