10 সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?
যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।
তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।
ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।
যি জনাই ৰাতি গীত গোৱাই,
তেনেহ’লে তুমি যিহোৱাত সুখী হবা; আৰু মই তোমাক ৰথত তুলি পৃথিৱীৰ ওখ ঠাইবোৰৰ ওপৰত ফুৰাম, আৰু তোমাৰ পিতৃ যাকোবৰ আধিপত্য তোমাক ভোগ কৰাম। কিয়নো যিহোৱাৰ নিজৰ মুখে ইয়াক ক’লে।
যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”