2 “তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
দুপৰীয়া সময়ত এলিয়াই তেওঁলোকক ঠাট্টা কৰি ক’লে, “বৰকৈ ৰিঙিওৱাহঁক! তেওঁ এজন ঈশ্বৰ! হয়তো তেওঁ ধ্যান কৰি আছে বা কোনো ঠাইলৈ যাত্ৰা কৰি আছে, নাইবা টোপনিতে আছে আৰু তেওঁক জগাব প্রয়োজন।”
“হয় হয়, তোমালোকহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা!
চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?
মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?