6 যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে,
তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।
সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।
হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।
তেওঁলোকে চিয়োলৰ গভীৰ পর্যন্তলৈ গাত খান্দি গ’লেও, মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব। তেওঁলোকে আকাশ পর্যন্ত উঠিলেও, তাৰ পৰা মই তেওঁলোকক নমাই আনিম।
তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।