Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 2:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 2:13
12 পৰস্পৰ সংযোগসমূহ  

পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।


ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।


পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।


মই এই কথা শুনি মোৰ কাপোৰ আৰু চোলা ফালিলোঁ, আৰু মোৰ মুৰৰ চুলি ও দাঢ়ি ছিঙি যোৱাকৈ টানিলোঁ। তাৰ পাছত লাজত বহি পৰিলোঁ।


এই কথা শুনাৰ লগে লগে, মই বহি ক্ৰন্দন কৰিলোঁ, আৰু মই কিছুদিন শোক কৰি লঘোন দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।


পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।


কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?


তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।


যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।


হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।


চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।


তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল-আবীব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হলোঁ, আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন